ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি এটা নৈশ ভোজৰ আয়োজন কৰে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণিল বিক্ৰেমেসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জু, চিচিলিৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ, বাংলাদেশৰ প্রধানমন্ত্ৰী শ্বেখ হাচিনা, মৰিছাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জুগনৌথ, নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহাল প্রচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী চাৰিং টবগেই অনুষ্ঠানত উপস্থিত থাকে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সকলোকে নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্ৰণ গ্ৰহণ কৰা তথা গণতন্ত্ৰৰ উদযাপনত অংশ লোৱাৰ বাবে ধন্যবাদ জনায়। শ্রীমতী মুৰ্মুৱে কয় যে, তেওঁলোকৰ উপস্থিতিয়ে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু ভাৰত মহাসাগৰ খণ্ডৰ বাবে থকা সাগৰ দৰ্শনক পুনৰবাৰ প্ৰমাণ কৰিছে। তেওঁ লগতে কয় যে, চুবুৰীয়া দেশ হিচাপে ইখনে আনখনক প্ৰগতিৰ অংশীদাৰ হিচাপে আমি শান্তি আৰু সমৃদ্ধিৰ দিশত একেলগে কাম কৰি যোৱাটো বিচাৰো। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে জনসাধাৰণৰ সেৱাৰ দৰে গধুৰ দায়িত্ব পালনত সফল হ’বৰ বাবে কামনা কৰে।
Site Admin | June 10, 2024 12:03 PM | murmu banquet