আই পি এলঃ যোৱানিশা কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে

◊ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ মিচেল ষ্টাৰ্কে ৪টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে প্রথম বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৯ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৯ ৰান কৰে। মুম্বাইৰ হৈ নুৱান টুছাৰাই ৩টা উইকেট দখল কৰে। কলকাতা নাইট ৰাইডাৰ্ছ বর্তমান প্রতিযোগিতাৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। মুম্বাই ইণ্ডিয়ানছ কালিৰ পৰাজয়ৰ পাছত এইবাৰৰ আই পি এল প্রতিযোগিতাৰ পৰা বাহিৰ হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে।
প্রতিযোগিতাত আজি বেংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক