মুম্বাইত ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰহালয়ত কালিৰে পৰা ইন্দোনেছিয়া আৰু ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগম- এন এফ ডি চি চলচ্চিত্র মহোৎসৱ আৰম্ভ হৈছে। এয়া হ’ল মহোৎসৱৰ তৃতীয় সংস্কৰণ। এই ছদিনীয়া সংস্কৰণৰ অহা ৬ জুলাইত সামৰণি পৰিব। চলচ্চিত্ৰৰ মাধ্যমেৰে ভাৰত আৰু ইন্দোনেছিয়াৰ মাজত সাংস্কৃতিক বিনিময় উদযাপন কৰাই এই মহোৎসৱৰ মূল উদ্দেশ্য। কালি মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অক্ষত অজয় শর্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্রজ্বলন কৰাৰ লগতে মহোৎসৱৰ বেনাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মহোৎসৱৰ প্ৰথম দিনটোত পার্টিকেলিৰ শীৰ্ষক ইন্দোনেছিয়াৰ চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হয়।
Site Admin | July 2, 2024 12:56 PM | Mumbai Film Festival