মুম্বাইত অহা কাইলৈৰ পৰা ২১ জুনলৈ সাত দিনীয়াকৈ ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’ব। National Geographic’s ৰ তথ্যচিত্ৰ ‘Billy and Molly : An Otter Love Story’ৰ প্ৰদৰ্শনৰে এই মহোৎসৱৰ আৰম্ভণি হ’ব। উদ্বোধনী বোলছবিখন ১৫ জুনত দিল্লী, ক’লকাতা, চেন্নাই আৰু পুনেত প্ৰদৰ্শন কৰা হ’ব। ৰেড কার্পেট অনুষ্ঠানৰ সময়ত দিল্লীত ১৭ জুনত, চেন্নাইত ১৮ জুনত কলকাতাত ১৯ জুনত আৰু পুনেত ২০ জনতো এই বোলছবি প্ৰদৰ্শিত হ’ব ।
৭৮ মিনিট জোৰা Billy and Molly : An Otter Love Story শীর্ষক বোলছবিখনৰ নিৰ্দেশনা কৰিছে চার্লি হেমিলটন জেমছে।