ডাউনলোড
মোবাইল এপ

android apple
signal

April 10, 2025 8:27 PM | Mumbai

printer

মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাৰুৰ ৰাণা দিল্লীত উপস্থিত

মুম্বাইত সংঘটিত ২৬-১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ অভিযুক্ত তাহাৰুৰ ৰাণাক আজি দিল্লীলৈ অনা হৈছে। কেন্দ্ৰীয় মন্ত্রী পিযুছ গোৱেলে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় সংকল্পৰ বাবে মুম্বাই আক্ৰমণৰ অভিযুক্তগৰাকীক ভাৰতলৈ আনিবলৈ সমৰ্থ হৈছে আৰু অভিযুক্ত তাহারুৰক আইনমতে উপযুক্ত শাস্তি বিহা হ’ব। মুম্বাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী শ্ৰীগোৱেলে অভিযোগ কৰে যে সন্ত্ৰাসবাদীক শাস্তি দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷

উল্লেখযোগ্য যে তাহাৰুৰ ৰাণাক ভাৰতলৈ প্ৰত্যাপনৰ বিৰোধিতাৰে অভিযুক্ত লোকজনে আকৌ এবাৰ জনোৱা আবেদন আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে অগ্রাহ্য কৰাৰ পাছত অৱশেষত তাহাৰুৰক ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। অভিযুক্ত তাহাৰুৰ ৰানাৰ বিচাৰ আৰু আনুসংগিক গোচৰৰ বাবে নৰেন্দ্ৰ মানক বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি দিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ দিল্লীৰ বিশেষ আদালতকে ধৰি সংশ্লিষ্ট আদালতসমূহত অনুসন্ধানকাৰী সংস্থাটোৰ হৈ অংশগ্ৰহণ কৰাৰ বাবে নৰেন্দ্ৰৰ মানক ৩ বছৰৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক