ডাউনলোড
মোবাইল এপ

android apple
signal

February 21, 2025 6:20 PM | Mumbai

printer

অভয় গজানন শ্বিংগে আৰু মংগেশ ৱায়ল নামৰ দুজন লোকক গ্ৰেপ্তাৰ মুম্বাইৰ অপৰাধ শাখাৰ

মুম্বাইৰ অপৰাধ শাখাই আজি পুৱা বুলধানা জিলাৰ দেউলগাঁৱৰাজা অঞ্চলৰ পৰা অভয় গজানন শ্বিংগে আৰু মংগেশ ৱায়ল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্রী একনাথ সিন্দে বাহনত বোমা পেলোৱাৰ ভাবুকি দিয়াৰ গোচৰত লোক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। লোক দুজনে কালি উপ মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ ই-মেইল যোগে আৰু গোৰেগাঁও তথা জে জে মাৰ্গ আৰক্ষী চকীৰ জৰিয়তে এই ভাবুকি দিছিল। অপৰাধ শাখাই লাভ কৰা প্ৰমাণৰ ভিত্তিত অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। লোক দুজনে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক