ডাউনলোড
মোবাইল এপ

android apple
signal

December 19, 2024 12:18 PM | Mumbai

printer

মুম্বাইত সংঘটিত এটা নাও দূৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু

মুম্বাইত কালি সংঘটিত এটা নাও দূৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হয়। এলিফেণ্টা কেইভছলৈ যাত্ৰা কৰা এখন ব্যক্তিগত নাও ৰাইগড় জিলাৰ উৰানৰ সমীপত দূৰ্ঘটনাত পতিত হয়। নিয়ন্ত্রণ হেৰুওৱা এখন নৌসেনাৰ নাৱে যাত্রীবাহী নাওখনত খুন্দা মাৰে ৷

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে প্ৰকাশ কৰা অনুসৰি মৃতসকলৰ ৩ জন নৌসেনাৰ জোৱান আৰু ১০ জন সাধাৰণ নাগৰিক। দূৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনকো চিকিৎসা প্ৰদান কৰি থকা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নাগপুৰত সাংবাদিকৰ আগত জনাই যে, উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে অব্যাহত আছে আৰু ১০১ জন লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। তেওঁ লগতে দূৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ এককালীন সাহায্য প্রদানৰ কথাও ঘোষণা কৰে ৷

ইপিনে, ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে এই দূৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সন্ধানহীনসকল সুকলমে উদ্ধাৰ হোৱাৰ প্ৰাৰ্থনা কৰা বুলি এটা বাৰ্তা যোগে প্ৰকাশ কৰিছে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দুর্ঘটনাটোত শোকপ্রকাশ কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। তেওঁ মৃতসকলৰ নিকট আত্মীয়লৈ ২ লাখকৈ আৰু আহতসকললৈ ৫০ হাজাৰকৈ টকাৰ সাহায্য ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক