কালি দেহাৱসান ঘটা মালায়ালয়ম ভাষাৰ প্ৰখ্যাত লেখক আৰু ছবি নিৰ্মাতা এম টি বাসুদেৱন নায়াৰৰ অন্ত্যেষ্টিক্রিয়া আজি বিয়লি কেৰালাৰ কোজিকড়ৰ মান্ডু ৰোড শ্মশানত সম্পন্ন কৰা হ’ব। আজি কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায় বিজয়ন, বিশিষ্ট অভিনেতা মোহনলাল, চলচ্চিত্র নির্মাতা হৰিহৰণ আৰু লেখক এম এন কাৰাছেৰী আদি ভালেসংখ্যক ব্যক্তি আৰু সংগঠনে তেওঁৰ নশ্বৰ দেহত শেষ শ্রদ্ধা নিবেদন কৰে।
জ্ঞানপীঠ, সাহিত্য একাডেমী, পদ্মভূষণ আদি বিভিন্ন উপাধিৰে সন্মানিত এম টি বাসুদেৱন নায়াৰৰ উল্লেখযোগ্য সাহিত্য কীৰ্তিৰ ভিতৰত আছে নগ্লুকেল্লু কল্লাম মঞ্জু, অ’চুৰা বিছু, ৰন্দামুৰাম ইত্যাদি। তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে অৰু ৱেডাক্কান বীৰাগাথা, নির্মাল্যম, সদয়ম, কেৰালা বাৰ্মা, পাজাশ্ৰীৰাজা, মঞ্জু, কদভু, অনুবন্ধম, তৃষ্ণা, মিথ্যা ইত্যাদি। ১৯৮৯, ১৯৯১, ১৯৯২ আৰু ১৯৯৪ চনত তেওঁ শ্রেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। এম টি বাসুদেৱন নায়াৰৰ মৃত্যুত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্রীয়ে শোক প্রকাশ কৰিছে। এটা শোকবাণীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এম টি বাসুদেৱন নায়াৰৰ বিয়োগত বিশ্ব সাহিত্যই এগৰাকী বিৰল প্ৰতিভাক হেৰুৱালে বুলি মন্তব্য কৰে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাৰতবৰ্ষৰ সাহিত্য আৰু ছবি জগতৰ স্বর্ণিম ইতিহাসত এম টি বাসুদেৱন নায়াৰ ভোটা তৰাৰ দৰে জিলিকি থাকিব বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শোকবাণীত নায়াৰক মালায়লম সাহিত্য আৰু ছবি জগতৰ অন্যতম পুৰোধা ব্যক্তি বুলি অভিহিত কৰে আৰু তেওঁৰ সৃষ্টিৰাজিয়ে নতুন প্রজন্মক সদায়ে অনুপ্রাণিত কৰি যাব বুলি মন্তব্য কৰে ।