ডাউনলোড
মোবাইল এপ

android apple
signal

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তৰ আক্রমণৰ ঘটনাক লৈ অসম বিধানসভাত হুলস্থূলীয়া পৰিস্থিতি, দুবাৰকৈ সদন স্থগিত

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তই আক্রমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱা সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে এই ঘটনা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই ঘটনাৰ বিষয়ত পৰৱৰ্তী সময়ত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰি সদনৰ কাম-কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ বিৰোধী সদস্যসকলক আহ্বান জনায়। বিৰোধী সদস্যসকলে এই ঘটনাৰ সৈতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় জড়িত হৈ আছে বুলি উল্লেখ কৰি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। পাছত অধ্যক্ষই দহ মিনিটৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰাখে। সদন পুনৰ মিলিত হোৱাৰ সময়ত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ বিষয়টো সদনত উত্থাপন কৰে। কংগ্ৰেছৰ সদস্যসকলে ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়ায়। বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই পুনৰ পাঁচ মিনিটৰ বাবে সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখে। সদন পুনৰ মিলিত হোৱাৰ সময়ত মন্ত্ৰী কেশৱ মহন্তই ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্তন প্ৰস্তাৱ উত্থাপন কৰে যদিও পৰিস্থিতি উন্নত নোহোৱাত এই বিষয়ে আলোচনা কৰিব পৰা নহ’ল। কংগ্ৰেছৰ সদস্যসকলে এগৰাকী জনপ্রতিনিধিক দিনদুপৰতে আক্রমণ ঘটনাক উদ্বেগজনক বুলি উল্লেখ কৰি বিষয়টোলৈ আলোচনা কৰাৰ দাবীত অটল হৈ থাকে। অধ্যক্ষই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা সম্প্রতি সদনত অনুপস্থিত থকাৰ বাবে এই বিষয়টোক লৈ পৰৱৰ্তী সময়ত আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক