মধ্যপ্ৰদেশৰ ৰাজস্থান-ৰাজগড় সীমান্তত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জন লোক আঘাতপ্রাপ্ত হৈছে। ইয়াৰে দুজন লোকৰ অৱস্থা সংকটজনক হৈ আছে। আঘাতপ্রাপ্তসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰাজগড়ৰ আয়ুক্ত হর্ষ দীক্ষিতে সংবাদমাধ্যমত জনাইছে যে, বিবাহ উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে ৰাজস্থানৰ পৰা এখন ট্ৰেক্টৰেৰে মধ্যপ্ৰদেশলৈ আহি থকাৰ সময়তেই ট্ৰেক্টৰখন পথৰ দাঁতিত বাগৰি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডº মোহন যাদৱে কৈছে যে, ৰাজ্য চৰকাৰে ৰাজস্থান চৰকাৰৰ লগত যোগাযোগ কৰিছে আৰু আঘাতপ্ৰাপ্তসকলক ৰাজগড়ৰ জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে সংকটজনক সকলক উন্নত চিকিৎসাৰ বাবে ভূপাললৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে চিকিৎসাধীন সকলৰ আশু আৰোগ্য কামনা কৰে।
Site Admin | June 3, 2024 5:51 PM | MP Accident