ডাউনলোড
মোবাইল এপ

android apple
signal

February 21, 2025 12:19 PM | mother language day

printer

আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। ইউনেস্কোৱে ১৯৯১ চনৰ ১৭ নৱেম্বৰত দিয়া প্ৰস্তাৱ অনুসৰি ভাষিক-সাংস্কৃতিক বৈচিত্ৰ্য আৰু বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিনটোতে পশ্চিম পাকিস্তান চৰকাৰে পূব পাকিস্তান বৰ্তমানৰ বাংলাদেশৰ মাতৃভাষা বাংলাৰ পৰিৱৰ্তে উর্দু ভাষা প্ৰচলনৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলীচালনাত ছাত্রকর্মী শ্বহীদ হৈছিল। এই দিনটোৰ স্মৰণতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গ্ৰহণ কৰা প্ৰস্তাৱ অনুযায়ী ২০০০ চনৰ পৰা ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হৈছে।

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত ধ্রুপদী অসমীয়া ভাষীসকলৰ লগতে ৰাজ্যৰ অন্যান্য ভাষা-ভাষীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। মন্ত্ৰীগৰাকীয়ে এই বিশেষ দিনটোত ভাৰতৰ অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীকৰূপী অগণন ভাষাৰ সংৰক্ষণৰ লগতে মাতৃভাষাক সুদৃঢ় আৰু বিকশিত কৰি তোলাৰ বাবে সংকল্প ল’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক