ডাউনলোড
মোবাইল এপ

android apple
signal

বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ ইণ্ডোনেছিয়ালৈ যাব

বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। তেওঁ দেওবাৰে দেশখনৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্ৰান ৰাকাবুমিং ৰাকাৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ ভাৰত আৰু ইণ্ডোনেছিয়াই এই বছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ আৰু ভাৰতৰ পূব এছিয়াৰ দেশসমূহক গুৰুত্ব প্ৰদানৰ এক্ট ইষ্টৰ নীতিৰ এটা দশক সম্পূৰ্ণ হোৱাৰ উদযাপন কৰিছে। ইণ্ডোনেছিয়া এক্ট ইষ্টৰ নীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। বিদেশ মন্ত্রালয়ে কৈছে যে শপতগ্রহণ অনুষ্ঠানত শ্ৰী মাৰ্ঘেৰিটাৰ অংশগ্রহণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সৰ্বাত্মক কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকে সূচাইছে।

অধিক পঢ়ক

সকলো চাওক