August 30, 2024 7:03 PM | Morigaon

printer

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপৰ আয়োজন

মুখ্যমন্ত্ৰীৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত আজি জিলাখনৰ নৱম শ্ৰেণীত পঢ়ি থকা মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটো মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰে। শ্ৰী শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক প্রতিযোগিতামূলক মানসিকতাৰে অধ্যয়নত ৰত হবলৈ আহ্বান জনায়। বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূর্ব ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত বিদ্যালয়সমূহৰ অধ্যক্ষসকলো উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক