ডাউনলোড
মোবাইল এপ

android apple
signal

মৰিগাঁৱত জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ বান-খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা

মৰিগাঁও জিলাত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতি আজি জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মাই পৰ্যালোচনা কৰে। তেওঁ বানৰ আশংকা থকা অঞ্চলসমূহ পৰিদৰ্শন কৰি বান প্ৰতিৰোধী প্রকল্পসমূহৰ কাম-কাজ চোৱাচিতা কৰে। তেওঁ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ ২৫০ কোটি অর্থ সাহায্যৰে নিৰ্মাণ কৰিবগলীয়া জিঅ’ বেগ প্ৰকল্পৰ কাম-কাজৰ সবিশেষ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে এই কামসমূহ খৰতকীয়া কৰি তুলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নির্দেশ দিছে। উল্লেখযোগ্য যে জিলাখনৰ খহনীয়াত ক্ষতিগ্ৰস্ত লাহৰীঘাট, মায়ং আৰু ভুৰাগাঁও ৰাজহ চক্ৰৰ নৈপৰীয়া ৰাইজৰ সকাহ হোৱাকৈ জিঅ’ বেগ প্ৰকল্প ৰূপায়ণৰ কাম দ্রুতগতিৰে অব্যাহত ৰখা হৈছে। প্ৰকল্পটো ৰূপায়ণ হ’লে তিনিওটা ৰাজহ চক্ৰৰ ১৫খন গাঁৱৰ জনসাধাৰণে খহনীয়া সমস্যাৰ পৰা সকাহ লাভ কৰিব।

অধিক পঢ়ক

সকলো চাওক