ডাউনলোড
মোবাইল এপ

android apple
signal

মৰিগাঁৱত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ পাঠ্যক্রমবিষয়ক কর্মশালা

মৰিগাঁও অধিবিদ্যা পৰিষদৰ উদ্যোগত আৰু মৰিগাঁও বি. এড. কলেজৰ সহযোগত কলেজখনৰ প্ৰেক্ষাগৃহত কালি উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধানসকলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ পাঠ্যক্রমবিষয়ক এখন কর্মশালা অনুষ্ঠিত হয়। উল্লেখ্য যে চলিত শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ ছাত্র-ছাত্রীসকলৰ বাবে কৃত্রিম বুদ্ধিমত্তা আৰু ৰবটিকছ ঐচ্ছিক বিষয়ৰ পাঠ্যক্ৰম হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে। অনুষ্ঠানৰ শুভ উদ্বোধন কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছে ইতিমধ্যে চিকিৎসা ক্ষেত্ৰখনক উন্নতিৰ শীৰ্ষলৈ লৈ গৈছে। কৰ্কট ৰোগ, মগজুৰ গুৰুতৰ ৰোগ আদিৰ দৰে জটিল ৰোগৰ ক্ষেত্ৰত এতিয়া চিকিৎসা বিজ্ঞান দোপতদোপে আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভৱিষ্যৎ সময়ত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছে আমাৰ দৈনন্দিন জীৱনো বহু পৰিমাণে সহজ কৰি তুলিব। আনকি প্ৰশাসন ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছে আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাই অনাগত সময়ত শিক্ষা জগতখনত এক বিপ্লৱৰ সূচনা কৰিব। ই আমাৰ জীৱন যাত্ৰাৰ এক এৰাব নোৱৰা বিষয় হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ এটা অতিৰিক্ত বিষয় হিচাপে প্ৰৱৰ্তন কৰিবলৈ লোৱা কাৰ্যত সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ব্যাপক প্ৰসাৰ হৈছে কিন্তু তাৰ প্ৰয়োগ সঠিক হ’ব লাগিব। কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাই যাতে আমাৰ আবেগ, মানৱীয় প্ৰমূল্যবোধ আদিত আঘাত নকৰে তাৰ বাবে আমি সচেতন হ’ব লাগিব বুলি তেওঁ কয়। অনুষ্ঠানত ভাষণ দি মৰিগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰীয়ে অনাগত দিনত কৃত্ৰিম বুদ্ধিমত্তাই কঢ়িয়াই অনা পৰিৱৰ্তনসমূহ গ্ৰহণ কৰাৰ বাবে মাতৃভাষাৰ লগতে শিক্ষাৰ্থীসকলক ইংৰাজী ভাষাটো আয়ত্ত কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায়। অনুষ্ঠানত আদৰণি ভাষণ দি মৰিগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই কয় যে তেওঁ জিলাখনৰ পৰিদৰ্শক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা জিলা প্ৰশাসনৰ সহযোগত শিক্ষাৰ উত্তৰণৰ বাবে ভালেমান পদক্ষেপ ল’ব বিচৰা হৈছে। তেওঁ জিলাখনক অসমৰ এখন শ্ৰেষ্ঠ শৈক্ষিক জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিব বুলি কয় আৰু সকলোৰে সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয় পৰ্যায়ত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ বিষয়ক পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে ঘোষণা কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মৰিগাঁৱৰ শিক্ষা বিভাগে জিলাখনৰ মুৰব্বীসকলৰ মাজত এই বিষয়ক কৰ্মশালা আৰম্ভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় যে বিদ্যালয়ৰ মুৰব্বীসকল সৃষ্টিশীল মনৰ হ’ব লাগে। বিদ্যালয়ৰ মুৰব্বীসকলৰ আশাশুধীয়া প্ৰচেষ্টা অবিহনে বিদ্যালয় এখনৰ প্ৰগতি সম্ভৱ নহয়। তেওঁ সাম্প্ৰতিক সময়ত কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ সমাজ জীৱনত কেনেকৈ প্ৰভাৱিত কৰিব সেই বিষয়ে ব্যাখ্যা কৰে। মৰিগাঁও বি. এড. কলেজৰ অধ্যক্ষা ডঃ ডলী বুঢ়াগোহাঁয়ে তেখেতৰ ভাষণত এই কৰ্মশালাই বিশেষকৈ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ বিষয়টোৱে জনপ্ৰিয়তা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে ভাগ লৈ ডঃ নাজৰিণা ৰহমানে কৃত্ৰিম বুদ্ধিমত্তাৰ ভালেমান দিশ আলোচনা কৰে। আন এগৰাকী সমল ব্যক্তি বৰপেটা জিলাৰ খণ্ড সমল ব্যক্তি প্ৰসেনজিৎ শৰ্মাই কৰ্মশালাত ভাগ লৈ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হ’ব পৰা ভালেমান শৈক্ষিক এপৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ বিষয়টো বিদ্যালয়সমূহে আগ্ৰহেৰে প্ৰৱৰ্তন কৰাত গুৰুত্ব আৰোপ কৰে। বিশিষ্ট চিকিৎসক ডাঃ জয়া প্ৰভা বড়োৱে তেখেতৰ ভাষণত ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশটোৰ ওপৰত আলোচনাত গুৰুত্ব দিয়ে। সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনমোহন ৰাজবংশীয়ে মৰিগাঁও জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলবিষয়ক এক সমীক্ষা আগবঢ়ায়। সভাত মৰিগাঁও জিলা অধিবিদ্যা পৰিষদৰ সম্পাদিকা ৰেখামণি বুঢ়াগোহাঁয়েও ভাগ লয়। শলাগৰ শৰাই আগবঢ়ায় মৰিগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। উক্ত কর্মশালাত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ পাঠ্যক্রমৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০২৪ৰ ফলাফল সন্দৰ্ভত পর্যালোচনা, বিদ্যালয়ৰ ইতিহাস সংকলন, ছাত্র-ছাত্রীৰ স্বাস্থ্য সম্পর্কীয় তথা বানপানীৰ সময়ত ল’বলগীয়া সাৱধানতা আদি বিষয় সন্দৰ্ভতো আলোচনা কৰা হয়। তদুপৰি আছাম ফাউণ্ডেচন অৱ নৰ্থ আমেৰিকাৰ উদ্যোগত প্ৰকাশ কৰা ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কীয় “চন্দ্ৰ সময়” শীৰ্ষক এখনি গ্ৰন্থ বিদ্যালয় প্ৰধানসকলক প্ৰদান কৰা হয়। সভাত ১১৬ খন বিদ্যালয়ৰ প্ৰধানসকল আৰু ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক