ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু ৪০ শতাংশতকৈ অধিক শাৰিৰীক প্ৰতিবন্ধকতা লোকে ইচ্ছা কৰিলে ঘৰতে ভোটদান কৰিব পাৰিবঃ অনুৰাগ গোৱেল

♦ ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এতিয়ালৈকে নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগৰ ব্যৱস্থা কৰা হৈছে আৰু আন্তৰাষ্ট্ৰীয় সীমান্তসমূহত জনসাধাৰণৰ আহ-যাহৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে।

তেওঁ লগতে কয় যে, প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটকেন্দ্ৰ সাল সলনি বা ভোটাৰ তালিকাত নাম সংশোধনী প্ৰক্ৰিয়াৰ সময় উকলি গৈছে যদিও তৃতীয় পৰ্যায়ত ভোট দিবলগীয়া ভোটদাতাসকলৰ বাবে এতিয়াও এই সুবিধা আছে। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনৰ পৰা ১০ দিন আগলৈকে এই সাল সলনিৰ সুবিধা থাকে বুলি মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে, ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু ৪০ শতাংশতকৈ অধিক শাৰিৰীক প্ৰতিবন্ধকতা থকা লোকসকলে ইচ্ছা কৰিলে নিজৰ বাসগৃহৰ পৰা ভোটদান কৰিব পাৰিব। এই সুবিধা কাইলৈৰ পৰা প্ৰদান কৰা হ’ব।

ৰাজ্যখনত ৪ লাখ ৩৫ হাজাৰ নতুন ভোটদাতা আছে আৰু তেওঁলোকক সর্বোত্তম গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে উৎসাহিত কৰিবলৈ ভালেমান সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে বুলিও শ্রীগোৱেলে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।