ডাউনলোড
মোবাইল এপ

android apple
signal

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, কংগ্ৰেছৰ সভাপতি, অসমৰ মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেকে ধৰি অন্যান্য কেন্দ্রীয় মন্ত্রী তথা বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে ড০ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এটা শোকবার্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে ড০ সিং সেইসকলক ৰাজনীতিবিদৰ মাজৰ এজন যিয়ে শিক্ষা আৰু প্ৰশাসন দুয়োটা ক্ষেত্ৰতে সমানেই কাম কৰিছিল। তেওঁ কয়, যে ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰৰ ক্ষেত্ৰত প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা সেৱা, কলুষতাবিহীন ৰাজনৈতিক জীৱন আৰু অত্যন্ত বিনম্র স্বভাৱৰ বাবে ড০ সিং সদায় স্মৰণীয় হৈ ৰ’ব বুলি ৰাষ্ট্ৰীপতিয়ে উল্লেখ কৰে।

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এটা শোকবার্তাত ড০ সিঙক এগৰাকী বিশিষ্ট অর্থনীতিবিদ বুলি উল্লেখ কৰি কয়, যে ভাৰতীয় অৰ্থনীতিৰ দৃশ্যপট সলনি কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পদ্মবিভূষণ সন্মানেৰে বিভূষিত ড০ সিঙে বহু গুৰুত্বপূৰ্ণ সংস্কাৰৰ জৰিয়তে দেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে নতুন পথ মুকলি কৰিছিল বুলি উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে উল্লেখ কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবার্তাত দেশে বিশিষ্ট নেতাসকলৰ এজনক হেৰুৱালে বুলি উল্লেখ কৰে। সংসদত সকলো বিষয় সবলভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত ড০ সিঙৰ ভূমিকাৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে কয়, যে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ড০ সিঙে জনসাধাৰণৰ জীৱন শৈলী উন্নত কৰাৰ বাবে বহু পদক্ষেপ গ্রহণ কৰিছিল।

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই তেওঁৰ শোকবার্তাত ইতিহাসে প্রয়াত প্ৰধানমন্ত্ৰীগৰাকীক নিসন্দেহে বিনম্ৰতাৰে সুঁৱৰিব বুলি উল্লেখ কৰে। তেওঁ কয়, যে ড০ সিঙৰ অৰ্থনৈতিক উদাৰীকৰণ নীতি আৰু কল্যাণমূলক চিন্তাধাৰাই কোটি কোটি নাগৰিকৰ জীৱন পৰিৱৰ্তন কৰি বাস্তৱিকতে দেশত মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি কৰাৰ লগতে লাখ লাখ লোকক দৰিদ্ৰতাৰ পৰা মুক্তি দিছিল।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা শোকবার্তাত ড০ মনমোহন সিঙৰ সান্নিধ্যৰে উপকৃত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰই এগৰাকী মহান দেশপ্রেমী, বিদগ্ধ পণ্ডিত তথা বিশিষ্ট ৰাজনীতিকক হেৰুৱালে বুলি প্ৰকাশ কৰে। দেশ-বিদেশৰ অন্যান্য নেতাসকলেও ড০ মনমোহন সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক