ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ফুটবল প্রতিযোগিতাত কালি নিশা কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টে, পঞ্জাৱ এফ চিক ৩-০ গ’লত পৰাস্ত কৰে। এই জয়ৰ সুবাদত দলটো সৰ্বমুঠ ৪৬ পইণ্টেৰে প্লে অফলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে। মোহন বাগানাৰ জেমি মেকলাৰেনে খেলখনৰ দ্বিতীয়াৰ্ধত দুটা গ’ল আৰু লিষ্টন কোলাকোৱে এটা গ’ল দিয়ে। প্ৰতিযোগিতাত আজি গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াত এফ চি গোৱা আৰু ওড়িশা এফ চি মুখামুখি হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। এফ চি গোৱাই শেহতীয়াকৈ জামছেদপুৰ এফ চিৰ হাতত পৰাজিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ খেলখনত জয়লাভ কৰাৰ প্ৰচেষ্টা চলাব।
Site Admin | February 6, 2025 11:02 AM | Mohun Bagan SG secures playoff spot with 3-0 win over Punjab FC in ISL
আই এছ এলত পঞ্জাৱ এফ চিক ৩-০ গ’লত পৰাস্ত মোহন বাগান ছুপাৰ জায়েণ্টৰ
