ডাউনলোড
মোবাইল এপ

android apple
signal

পশ্চিমবংগ চৰকাৰে ২০১০ চনৰ পৰা প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ-পত্ৰ বাতিল ন্যায়ালয়ৰ, প্ৰধানমন্ত্ৰীৰ সমালোচনা

কলকাতা উচ্চ ন্যায়ালয়ে ২০১০ চনৰ পৰা পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণ-পত্ৰ বাতিল কৰাৰ প্ৰসংগক লৈ প্ৰধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰিছে। দিল্লীত আজি এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে, পশ্চিমবংগৰ চৰকাৰখনে ৰাজনৈতিক তুষ্টিকৰণৰ নীতি গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰি সংবিধান উলংঘনেৰে ৰাজনৈতিক লাভালাভক অধিক গুৰুত্ব দিয়া বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দোষাৰোপ কৰে। ভোটবেংকৰ স্বাৰ্থত তুষ্টিকৰণৰ সকলো সীমা অতিক্ৰম কৰা দলসমূহক কলকাতা উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে উপযুক্ত প্ৰত্যুত্তৰ দিয়া বুলিও তেওঁ মত প্ৰকাশ কৰে । একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহেও এই বিষয়টোত পশ্চিমবংগৰ চৰকাৰক সমালোচনা কৰি কয় যে মমতা বেনাৰ্জীয়ে পিছপৰা সম্প্ৰদায়ৰ বাবে থকা সংৰক্ষণৰ ব্যৱস্থাটোক তেওঁ ভোটবেংকৰ সৈতে সাঙুৰি পেলাইছিল। বিজেপিয়ে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি আহিছে বুলিও তেওঁ লগতে প্রকাশ কৰে। উল্লেখযোগ্য যে কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তপোব্রত চক্ৰৱৰ্তী আৰু ন্যায়াধীশ ৰাজশেখৰ মন্থাক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি ২০১০ চনৰ পাছত প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ-পত্ৰ বাতিল কৰাৰ হকে ৰায়দান কৰিছিল। ন্যায়ালয়ে লগতে এই প্রমাণ-পত্ৰ ইতিমধ্যে ব্যৱহাৰ কৰাসকলক এই ৰায়ে প্ৰভাৱিত নকৰে বুলি স্পষ্ট কৰি দিছে। এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ কোনেও এই প্রমাণ-পত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব। ইপিনে, উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে তেওঁ প্ৰয়োজন হ’লে এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

অধিক পঢ়ক

সকলো চাওক