একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানলৈ চুবুৰীয়া দেশৰ ভালেসংখ্যক নেতাক আমন্ত্ৰণ জনোৱা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। চুবুৰীয়া ৰাষ্ট্ৰ আৰু ভাৰত মহাসাগৰ অঞ্চলৰ কেইবাগৰাকীও নেতা শপতগ্রহণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। বিদেশ মন্ত্রালয়ে কৈছে যে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণীল বিক্রম সিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জু, চিচিলিৰ উপ-ৰাষ্ট্ৰপতি অহমদ অফিফ, বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা, মৰিছাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জগনৌথ, নেপালৰ প্ৰধানমন্ত্রী পুষ্পকমল দাহাৰ প্ৰচণ্ড আৰু ভূটানৰ ৰাষ্ট্ৰপতি শ্বেৰিং টোবগে শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা শপতগ্রহণ অনুষ্ঠানত ভাগ লোৱাৰ বাবে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শপতগ্ৰহণত অংশগ্ৰহণ কৰিবলগীয়া এই নেতাসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰে কাইলৈ ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰিব। ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু অঞ্চলটোৰ সকলোৰে সুৰক্ষা আৰু বিকাশ দৃষ্টিভংগী অনুসৰি এই নেতাসকলক প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।
Site Admin | June 8, 2024 9:17 PM | modi oath taking