প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে কেৱল মহাৰাষ্ট্ৰতে নহয়, সমগ্র দেশতে নক্সালবাদ সম্প্ৰতি দুৰ্বল হৈ পৰিছে। নক্সালবাদৰ বাবে এসময়ত পৰিচিত গাড়াচিৰোলি বর্তমান তীখা উদ্যোগ আৰু উন্নয়নৰ বাবে জনাজাত হৈছে । চন্দ্ৰপুৰ আৰু গাড়াচিৰোলিৰ লোকসভা সমষ্টিৰ বিজেপি প্রার্থী দুগৰাকীৰ প্ৰচাৰৰ বাবে কালি চন্দ্ৰপুৰৰ মৰৱা বিমানবন্দৰ খেলপথাৰত আয়োজন কৰা এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি শ্ৰীমোডীয়ে এইদৰে কয়। এই প্ৰচাৰ সভাত ৰাজ্যখনৰ মুখ্যমন্ত্রী একনাথ সিন্ধে তথা উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছো উপস্থিত থাকে। সমাজৰ বঞ্চিত শ্ৰেণীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ ৮০ কোটি দৰিদ্ৰ লোকে বিনামূলীয়া ৰেচন লাভ কৰিছে আৰু ৫০ কোটিৰো অধিক লোকে ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ কার্ড লাভ কৰিছে। এনে কল্যাণমূলক আঁচনিৰ জৰিয়তে উপকৃত হোৱা লোকসকল মূলতঃ সমাজৰ পিছপৰা শ্ৰেণী আৰু জনজাতীয় মূলৰ বুলি তেওঁ উল্লেখ কৰে।
Site Admin | April 9, 2024 11:43 AM | modi nakxalbadi