কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে যুৱ শক্তিক গতি প্ৰদানৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কৈছে যে যুৱক-যুৱতীসকলক নতুন চাকৰি লাভ কৰাৰ লগতে অতিৰিক্ত আয়ৰ উৎস সৃষ্টিৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে গঢ়ি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। উল্লেখযোগ্য যে তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত চৰকাৰে প্ৰধানমন্ত্ৰী পুঁজিৰ অধীনত দক্ষতা বিকাশ তথা নিয়োগ সৃষ্টিৰ বাবে ২ লাখ কোটি টকা ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে দেশৰ ৪ কোটিৰো অধিক যুৱক-যুৱতী উপকৃত হ’ব। আনহাতে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্র শক্তিশালী কৰাৰ বাবে চৰকাৰে ১০ হাজাৰ ৬০০ কোটি টকা ব্যয়েৰে বিজ্ঞান ধাৰা আঁচনিত অনুমোদন জনাইছে। একেদৰে যুৱক-যুৱতীসকলৰ মাজত ক্রীড়া প্ৰতিভাৰ প্ৰশিক্ষণৰ বাবে খেলো ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । ড্ৰাগছ সম্পৰ্কীয় সমস্যাসমূহৰ ক্ষেত্ৰত সহায় আৰু প্ৰতিবেদনৰ বাবে আৰম্ভ কৰা মানস হেল্পলাইনে ড্ৰাগছমুক্ত ভাৰতত অৰিহণা যোগাইছে। তদুপৰি প্ৰায় ১ কোটি যুৱক-যুৱতীয়ে শীৰ্ষৰ ৫০০টা কোম্পানীত ইণ্টাৰ্ণশ্বিপৰ সুযোগ লাভৰ ব্যৱস্থা কৰাৰ লগতে এহেজাৰখন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীতকৰণৰ সমান্তৰালকৈ ২০ লাখ যুৱক-যুৱতীক দক্ষতা বিকাশৰ সুযোগ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আনহাতে, প্রশ্নকাকত ফাদিল ৰোধ কৰাৰ লগতে নিযুক্তি প্রক্রিয়া স্বচ্ছ কৰি তুলিবলৈ ৰাজহুৱা পৰীক্ষা আইন প্ৰৱৰ্তন কৰা হৈছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটত বিভিন্ন খণ্ডত কর্মসংস্থাপন সৃষ্টিৰ বাবে ১১ দশমিক ১১ লাখ কোটি টকা মূলধনী ব্যয় ধাৰ্য কৰা হৈছে। তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহত ১৫ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছে।
Site Admin | September 25, 2024 12:33 PM | modi govt 100 days