কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে বিকশিত ভাৰতৰ বাবে সমৃদ্ধিশালী কৃষক মূলমন্ত্ৰ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আমাৰ কৃষকসকলক কেৱল খাদ্য যোগানকাৰীয়েই নহয় দেশৰ বাবে শক্তি আৰু সাৰ যোগানকাৰী হিচাপে পৰিণত কৰাৰ প্ৰতিও তেওঁৰ চৰকাৰখন উৎসর্গিত। উল্লেখযোগ্য যে দেশৰ কৃষকসকলৰ উন্নয়ন সাধনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কৃষি উদ্ভাৱনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যৰে কৃষি আন্তঃগাঁথনি বৃদ্ধি আৰু কৃষকৰ সহায়ৰ বাবে কৃষি আন্তঃগাঁথনি পুঁজিৰ সম্প্ৰসাৰণৰ লগতে কৃষকৰ জীৱন আৰু জীৱিকাৰ উন্নতিৰ বাবে সাতখন আঁচনিৰ জৰিয়তে ১৪ হাজাৰ ২০০ কোটি টকা আবণ্টন দিয়া হৈছে। একেদৰে ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে কৃষি আধুনিকীকৰণৰ বাবে ডিজিটেল কৃষি অভিযানো আৰম্ভ কৰা হৈছে। মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি চৰকাৰীভাৱে যুগুতাই উলিওৱা তথ্যত লগতে প্ৰকাশ পোৱা মতে কেন্দ্ৰীয় চৰকাৰে ষ্টাৰ্টআপ আৰু গ্ৰাম্য উদ্যোগসমূহক সহায় কৰাৰ বাবে এগ্রিছিউৰ পুঁজি আৰম্ভ কৰিছে। তদুপৰি শস্যৰ ক্ষতিৰ পৰিমাণ হ্ৰাস কৰি জীৱনকাল বৃদ্ধি কৰাৰ উদ্দেশ্যে ঘেঁহু সংৰক্ষণৰ বাবে তিনি লাখ মেট্রিক টন ভাণ্ডাৰ প্ৰস্তুত কৰা হৈছে ।
Site Admin | September 19, 2024 6:59 PM | modi govt 100 days