বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা মোদীৰ

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী জোঁট ইণ্ডিয়াৰ দলসমূহক অত্যন্ত সুবিধাবাদী আৰু পৰিয়ালতান্ত্রিক দলৰ সমষ্টি হিচাপে অভিহিত কৰিছে। বিহাৰৰ পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ বিক্ৰামত এখন জনসভাত ভাষণ দি শ্ৰী মোদীয়ে বিৰোধী জোঁটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্রিক ৰাজনীতি কৰা বুলি তীব্র সমালোচনা কৰে। তেওঁ কয় যে, কংগ্ৰেছ, সমাজবাদী পার্টী, নেচনেল কনফাৰেন্স, জে ডি, এন চি পি আৰু আপৰ দৰে সুবিধাবাদী দলসমূহে প্রধানমন্ত্ৰীৰ পদবীক মিউজিকেল চেয়াৰত পৰিণত কৰিব বিচাৰিছে। বিৰোধী জোঁটে জনতাৰ কল্যাণৰ হকে কাম কৰিব নোৱাৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, এই দলসমূহ স্বাৰ্থপৰ আৰু কেৱল পৰিয়াল চিনি পোৱা দল।

Read More :

শ্ৰী মোদীয়ে কয় যে, ভাৰতক ২০৪৭ চনৰ ভিতৰত উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ সপ্তাহৰ প্ৰতিটো দিনতে ২৪ ঘণ্টা কাম কৰিব আৰু ইয়াৰ বিপৰীতে বিৰোধী জোঁটে মোদীক গালি পৰাটোৱেই একমাত্ৰ কাম হিচাপে বাচি লৈছে। প্রধানমন্ত্ৰীয়ে অভিযোগ কৰে যে, কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহে অনুসূচীত জাতি-জনজাতি, অ’বিচি লোকসকলৰ অধিকাৰ কাঢ়ি নি ভোট বেংকৰ ৰাজনীতিৰে মুছলমানসকলক সংৰক্ষণৰ আওতালৈ আনিবলৈ উঠি-পৰি লাগিছে। ধর্ম ভিত্তিত সংৰক্ষণ অ-সাংবিধানিক বুলিও শ্রী মোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি বিহাৰৰ কাৰাকাত আৰু বক্সাৰ সংসদীয় সমষ্টিতো জনসভাত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক