ডাউনলোড
মোবাইল এপ

android apple
signal

September 19, 2024 8:55 PM | modi america visit

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিস্ত্রীয়ে কয় যে, ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ভালেমান দ্বিপাক্ষিক আৰু বহুপাক্ষিক দিশক লৈ আলোচনা কৰিব। তেওঁ কয় যে, শ্রীমোদীয়ে ভ্রমণকালত কেইবাগৰাকীও বিদেশী নেতাৰ সৈতে বৈঠকত মিলিত হ’ব আৰু আমেৰিকাত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীয়ে আগশাৰীৰ ব্যৱসায়ী আৰু উদ্যোগপতিৰ সৈতেও আলোচনাত মিলিত হ’ব বুলি বিদেশ সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমিস্ত্রীয়ে কয় যে, প্রধানমন্ত্ৰীয়ে শনিবাৰে ৱাশ্বিংটনৰ ডেলাৱেৰত হ’বলগীয়া কোৱাৰ্ড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল’ব। প্ৰধানমন্ত্রীয়ে কোৱাড সন্মিলনত ভাগ লোৱাৰ সুযোগতে কেইবালানিও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। শ্রীমিস্ত্রীয়ে কয় যে, ভাৰতে অহা বছৰ কোৱাড শীৰ্ষ সন্মিলনৰ আয়োজন কৰিব। বিদেশ সচিবগৰাকীয়ে কয় যে, প্রধানমন্ত্রীয়ে ডেলাৱেৰৰ পৰা ৰাষ্ট্ৰসংঘৰ ভৱিষ্যতৰ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে নিউয়র্কলৈ যাব। প্রধানমন্ত্ৰীয়ে সোমবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনত ভাষণ দিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক নেতাই এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত ভাগ লোৱাৰ আপাহতে প্ৰধানমন্ত্রী মোদীয়ে বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু পাৰস্পৰিক স্বার্থজড়িত ভিন ভিন বিষয় লৈ আলোচনা কৰিব বুলি বিদেশ সচিবগৰাকীয়ে প্ৰকাশ কৰে। বিদেশ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে প্রধানমন্ত্ৰীয়ে কৃত্রিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং, অৰ্ধপৰিবাহী আৰু জৈৱ প্ৰযুক্তি আদি ক্ষেত্ৰত উভয় দেশৰ মাজত সহযোগিতা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও মত বিনিময় কৰিব।

অধিক পঢ়ক

সকলো চাওক