ডাউনলোড
মোবাইল এপ

android apple
signal

October 21, 2024 11:24 AM | Mission basundhara 3

printer

মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদানৰ বাবে গুৱাহাটীত কালি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি কৰে। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমি সম্পৰ্কীয় বিভিন্ন সেৱা ডিজিটাইজ কৰাৰ লগতে মানচিত্ৰ প্ৰকাশ আৰু জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো সৰলীকৰণ কৰিবলৈ নতুন নিয়ম ৰূপায়ণ কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই লগতে ৰাজহ বিভাগৰ পঞ্জীভুক্ত নোহোৱা আৰু বিকল্প পঞ্জীয়নৰ নথিৰ বাবে ডিজিড শীর্ষক এটা ডিজিটেল নিৰ্দেশক মুকলি কৰে। ইয়াৰ জৰিয়তে ভূমি পঞ্জীয়নৰ সেৱা সৰলীকৰণ কৰি তোলা হ’ব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শাসনলৈ অহাৰ পাছতে তেওঁৰ চৰকাৰে তাৎক্ষণিকভাৱে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই উদ্দেশ্য আগত ৰাখিয়েই ২০২১ চনত মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ইতিপূর্বে মিছন বসুন্ধৰাৰ প্ৰথম সংস্কৰণৰ অধীনত ৯ মাহত ভূমি পট্টা সম্পৰ্কীয় ৮ লাখ আবেদন নিষ্পত্তি কৰাৰ লগতে দ্বিতীয় সংস্কৰণত এবছৰত ২ লাখতকৈও অধিক খিলঞ্জীয়া লোকক ভূমি পট্টা প্রদান কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক