August 16, 2024 1:23 PM | Mission basundhara

printer

মিছন বসুন্ধৰাৰ তৃতীয় পর্যায় অহা ২ অক্টোবৰত আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অহা ২ অক্টোবৰত মিছন বসুন্ধৰাৰ তৃতীয় পর্যায় আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অধীনত বৰবংশৰ মৌজাৰ ৪ খন গাওঁৰ লোকক ভূমি পট্টা বিতৰণ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা প্রকাশ কবে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত মুঠ ৮৮১ খন ভূমিপট্টা বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ভূমিপট্টা অবিহনে বসবাস কৰি থকাটোৱে কেতিয়াবা জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাবে। তেওঁ কয় যে, জালুকবাৰী সমষ্টিৰ বহুলোকৰ ভূমিপট্টা নোহোৱা কথাটো লক্ষ্য কৰি এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে, অঞ্চলটোৰ কেইবাখনো গাওঁৰ খিলঞ্জীয় লোক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। তেওঁ এই লোকসকলক ভূমিপট্টা গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ কয় যে, অহা ২ অক্টোবৰত আৰম্ভ হ’বলগীয়া তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ প্রথম অৱস্থাত নামঘৰ, বিদ্যালয় আৰু বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান আদিক ভূমিপট্টা প্রদান কৰা হ’ব। তদুপৰি এই পর্যায়ত এজমালী পট্টাসমূহ ব্যক্তিগত পট্টালৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ কয়। তদুপৰি এই পৰ্যায়ত ভূদান, গ্রামদানৰ মাটিত বসবাস কৰা খিলঞ্জীয়া লোকসকলকো পট্টা দিবলৈ চেষ্টা কৰা হব বুলি তেঁও জানিবলৈ দিয়ে। আনহাতে দেবোত্তৰৰ যিসমূহ ভূমি চিলিং চাৰপ্লাছ হৈছিল তাত থকা মন্দিৰ বা আৱাসী সকলকো এই পৰ্যায়ত ভূমি আৱণ্টনৰ ব্যৱস্থা কৰা হ’ব। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কেইবাটাও ঘোষণা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, অবিভক্ত গোৱালপাৰা জিলাত জনসাধাৰণে এতিয়া নিজৰ সম্প্রদায়ৰ বাহিৰে অন্য সম্প্রদায়ক ভূমি বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ বাবে চৰকাৰে এখন নতুন আইন প্রনয়ন কৰিব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। এই আইনখন ৰাইজে গ্রহণ কৰিলে পৰৱৰ্তী সময়ত অন্যান্য জিলাসমূহলৈ সম্প্ৰসাৰণ কৰা হব বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক