মিচিং ভাষা দিৱস উপলক্ষে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনগোষ্ঠীটোৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ অন্যতম নৃগোষ্ঠী, চহকী লোকসংস্কৃতি, বাচকবনীয়া হস্তশিল্প, বয়নশিল্প আৰু সাংস্কৃতিক সম্ভাৰেৰে সমৃদ্ধ মিচিংসকলে অসমৰ জনজীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। এই দিৱস উপলক্ষে মিচিং ভাষাৰ প্ৰসাৰৰ হকে অহোপুৰুষাৰ্থ কৰি অহা বৰেণ্য ব্যক্তি তথা সংগঠনসমূহক মুখ্যমন্ত্ৰীয়ে অভিনন্দন জনায়। তেওঁ কয় যে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো ভাষাৰ উত্তৰণ, প্ৰচাৰ-প্ৰসাৰৰ হকে কাম কৰি আহিছে আৰু আগলৈও কাম কৰি যাব।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে মিচিং ভাষা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কয় যে সুৱদী-সুৰীয়া মিচিং ভাষা অসমৰ বৰ্ণাঢ্য ভাষা সংস্কৃতিৰ অভিন্ন অংগ। ভাষাটোৰ সমৃদ্ধি আৰু প্ৰসাৰেৰে বৃহত্তৰ অসমীয়া জাতিৰ ভাষা-কৃষ্টিক টনকিয়াল কৰিবলৈ তেওঁ আহ্বান জনায়।
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও মিচিং ভাষা দিৱস উপলক্ষে আজি জনগোষ্ঠীটোৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ১৯৮৫ চনৰ ৩০ অক্টোবৰৰ দিনটোত অসম চৰকাৰে ৰাজ্যখনৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ ভাষাক আঞ্চলিক ভাষা হিচাপে স্বীকৃতি দিছিল। তেতিয়াৰেপৰা এই দিনটো মিচিং ভাষা দিৱস হিচাপে পালন কৰি অহা হৈছে। আজি এই দিৱস উপলক্ষে মিচিং আগম কোবাঙৰ উদ্যোগত জনগোষ্ঠীটো অধ্যুষিত বিভিন্ন অঞ্চলত ভালেমান কার্যসূচী গ্ৰহণ কৰা হয়।