কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বন্যপ্ৰাণীৰ আৱাসভূমিৰ সংহত উন্নয়নৰ বাবে ১০০ দিনীয়া লক্ষ্য সম্পূৰ্ণ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্রীসভাই বন্যপ্ৰাণীৰ আৱাসভূমিৰ উন্নয়ন আঁচনিৰ ৰূপায়ণ অব্যাহত ৰখাৰ বাবে ২৬০০ কোটিৰো অধিক ধন ব্যয়ত অনুমোদন জনাইছিল। আঁচনিখনত বন্যপ্ৰাণীৰ আৱাসভূমিৰ উন্নয়নৰ লগতে হস্তী সংৰক্ষণ প্ৰকল্প আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পও অন্তর্ভুক্ত হৈছে। মন্ত্ৰালয়ে প্রকাশ কৰা মতে, এই আঁচনিৰ অধীনত কমেও ৫০ লাখ কৰ্ম দিন সৃষ্টিৰে জীৱিকা উপাৰ্জনৰ সুযোগ দিয়া হৈছে। এই আঁচনিয়ে মুঠ ৫৫ টা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল, ৩৩ টা হস্তী সংৰক্ষিত বনাঞ্চল আৰু ৭১৮টা সুৰক্ষিত এলেকাৰ লগতে ইয়াৰ কাষৰীয়া মণ্ডলসমূহ সামৰি লৈছে। এই আঁচনিখন অব্যাহত ৰখাৰ ফলত চৰকাৰে বাঘৰ লগতে অন্যান্য বন্যপ্ৰাণী সংৰক্ষণ নিশ্চিত কৰাৰ লগতে দেশৰ বিত্তীয় দিশ আৰু পৰিবেশ তন্ত্ৰ সমান্তৰালভাৱে বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
Site Admin | September 21, 2024 9:27 PM | Ministry of Environment achieves 100 days target on Integrated Development of Wildlife Habitats