ডাউনলোড
মোবাইল এপ

android apple
signal

November 21, 2024 12:29 PM | Min divas

printer

আজি বিশ্ব মীন দিৱস

আজি বিশ্ব মীন দিৱস ৷ এইবাৰৰ মীন দিৱসৰ বিষয়বস্তু হ’ল ভাৰতৰ নীল ৰূপান্তৰণ : ক্ষুদ্ৰ তথা বহনক্ষম মীন ক্ষেত্ৰৰ সবলীকৰণ। মীন দিৱস উপলক্ষে আজি দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন কক্ষ তথা প্ৰশিক্ষণ কেন্দ্ৰত মীন মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশ্ব মীন দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাত আধুনিক প্ৰযুক্তিৰ প্রয়োগে মৎস্যপালন খণ্ডত বিপুল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে বুলি উল্লেখ কৰি কয়, যে বায়’ফ্লক, জল সঞ্চালনৰ জৰিয়তে মৎস্যপালন, পোনা উৎপাদন তথা আলংকাৰিক মৎস্যপালন আদি প্রযুক্তিনির্ভৰ খণ্ডসমূহে ৰাজ্যৰ মীন উদ্যোগটোক নতুন গতি দিবলৈ সক্ষম হৈছে। সম্প্ৰতি মৎস্য উদ্যোগৰ বিকাশত ষ্টার্টআপৰ ব্যাপক ভূমিকাৰ বিষয়ে অসমৰ যুৱ প্ৰজন্ম সজাগ হোৱা উচিত বুলিও তেওঁ কয়। বিশ্ব মীন দিৱসৰ উদ্দেশ্য হৈছে মৎস্য সম্পৰ্কীয় বহনক্ষম নীতিৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত, সাগৰীয় আৰু অলৱণীয় পানীৰ সম্পদলৈ অহা ভাবুকিৰ প্ৰতি দৃষ্টি আকৰ্ষণ, ক্ষুদ্ৰ মাছমৰীয়া সম্প্ৰদায়ৰ বাবে মানৱ অধিকাৰ শক্তিশালীকৰণ, অবৈধ, তথ্যবিহীন আৰু অনিয়ন্ত্ৰিত মৎস্য আহৰণ নিষিদ্ধকৰণ আৰু মৎস্য ক্ষেত্ৰত জড়িত ৰাইজৰ বাবে কৰ্মৰ পৰিৱেশ উন্নীতকৰণ কৰা।

অধিক পঢ়ক

সকলো চাওক