ভাৰতীয় বায়ুসেনা বাহিনীৰ MIG 29 শ্রেণীৰ এখন যুদ্ধ বিমান যোৱা নিশা ৰাজস্থানৰ বাৰমাৰৰ ওচৰত ভূপতিত হয়। বায়ুসেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিশাৰ প্ৰশিক্ষণৰ সময়ত বিমানখন এটা জটিল প্রযুক্তিগত সমস্যাৰ সন্মুখীন হয় আৰু ইয়াৰ ফলত বিমানখনৰ চালকে বিমানখনৰ পৰা ওলাই আহিবলৈ বাধ্য হয়। সূত্ৰটোৱে কৈছে যে, চালকগৰাকী সুৰক্ষিত অৱস্থাত আছে আৰু ইয়াৰ ফলত কোনো সম্পত্তি অথবা জীৱন হানি হোৱা নাই। বায়ুসেনা বাহিনীয়ে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ জাৰি কৰিছে।
Site Admin | September 3, 2024 12:05 PM | MIG 29 (IAF)