আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰা টি-২০ বিশ্বকাপৰ আজিৰ ৪খন খেলৰ দুখন খেল ইতিমধ্যে অনুষ্ঠিত হৈছে। গায়ানাত অনুষ্ঠিত প্ৰথমখন খেলত আফগানিস্তানে নিউজিলেণ্ডক ৮৪ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি আফগানিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে ১৫ অভাৰ ২টা বলত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ৭৫ ৰানহে কৰিবলৈ সক্ষম হয়। আফগানিস্তানৰ হৈ ফজলহক ফাৰুকী আৰু ৰছিদ খানে ৪টাকৈ উইকেট দখল কৰে। প্রতিযোগিতাত টেক্সাছত আন এখন খেলত বাংলাদেশে শ্রীলংকাৰ বিৰুদ্ধে ২টা উইকেটত জয়লাভ কৰে। প্ৰথমে বেট ধৰি শ্রীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই ১২৪ ৰান কৰিবলৈ সমর্থ হয়। ১২৫ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি বাংলাদেশে ১৯ অভাৰত ৮টা উইকেট হেৰুৱাই জয়লাভ কৰে। প্ৰতিযোগিতাৰ অন্য দুখন খেলত অষ্ট্ৰেলিয়া ইংলেণ্ডৰ বিৰুদ্ধে আৰু নেডাৰলেণ্ডছ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। নেডাৰলেণ্ডছ দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলখন নিশা ৮ বজাৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়া নিশা চাৰে ১০ বজাত ইংলেণ্ডৰ মুখামুখি হ’ব। আনহাতে কাইলৈ বহু প্রত্যাশিত এখন খেলত ভাৰত পাকিস্তানৰে মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব।