চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি গুৱাহাটীত উপস্থিত হোৱা ষোড়শ বিত্তীয় আয়োগৰ অধ্যক্ষৰ নেতৃত্বৰ দলটোৱে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেবিনেট মন্ত্রীসকলক তথা কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়। দলটোৱে লগতে বিভিন্ন ৰাজনৈতিক দল, স্থানীয় সংস্থা, পৰিষদ আৰু উদ্যোগৰ প্ৰতিনিধিৰ সৈতেও আলোচনা কৰে। আলোচনাকালত মুখ্যমন্ত্ৰীয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ বাবে কৰ বিভাজন আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে বহুমুখী আৱণ্টনৰ লক্ষ্যৰে শ্রেণী বিভাজন কৰাৰ পৰামৰ্শ দিয়াৰ কথা বিত্ত আয়োগৰ অধ্যক্ষ ড০ অৰবিন্দ পানাগাৰিয়াই উল্লেখ কৰে। বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি অধ্যক্ষগৰাকীয়ে কয় যে, চুবুৰীয়া ৰাজ্যসমূহক পেট্ৰ’লিয়ামজাত সামগ্ৰীকে ধৰি আবকাৰী কৰৰ হাৰ পোৱাৰ বাবে কৰ বিভাজনৰ ক্ষেত্ৰত অসমৰ অংশ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। অধ্যক্ষগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীয়ে দৰিদ্ৰতা দূৰীকৰণৰ লক্ষ্যৰে বহুমাত্রিক আৱণ্টনৰ বাবে শ্রেণী বিভাজনৰ পৰামৰ্শ আগবঢ়োৱাৰ উপৰি ৰাজ্যসমূহৰ সম্পদৰ পুলৰ পৰা ৫ শতাংশ আৱণ্টন বিচাৰিছে বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বিত্তীয় আয়োগৰ দলটোৱে ৰাজ্যখনৰ নেতাসকলৰ সৈতে বিত্তীয় বিষয় সন্দৰ্ভত আলোচনা কৰাৰ কাৰ্যসূচী লৈছে। কাইলৈ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী আৰু অন্যান্য স্থান পৰিদৰ্শন কৰিব। দলটোৱে ২০২৫ চনৰ ৩১ অক্টোবৰৰ পূৰ্বে আয়োগৰ পৰামৰ্শসমূহ প্ৰদান কৰিব আৰু এই পৰামৰ্শাৱলী ২০২৬ চনৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। উল্লেখযোগ্য যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত কৰ ৰাজহ বিভাজন সন্দৰ্ভত পৰামৰ্শ প্ৰদানৰ বাবে ৰাষ্ট্ৰপতিয়ে বিত্তীয় আয়োগ গঠন কৰে।
Site Admin | September 26, 2024 7:54 PM | members of the 16th Finance Commission and its distinguished Chairman