ডাউনলোড
মোবাইল এপ

android apple
signal

মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ, একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীলৈ মাহে এহাজাৰ টকা

ৰাজ্য চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ৰূপায়ণ কৰাৰ বাবে কালি কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যিক মন্ত্রীসভাই এই আঁচনিখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্রদান কৰিছে। এই আঁচনি অনুসৰি দশম শ্রেণী উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে এহেজাৰ টকাকৈ লাভ কৰিব। উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱালৈকে ছাত্রীসকলে প্রতিমাহৰ ১১ তাৰিখে বেংক একাউণ্টযোগে এই ধন লাভ কৰিব। একেদৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ তিনিবছৰীয়া বা চাৰিবছৰীয়া স্নাতক শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে মাহে এহেজাৰ ২৫০ টকাকৈ লাভ কৰিব। তদুপৰি স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰ শ্ৰেণী বা বি এড পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰীসকলে মাহে দুহেজাৰ ৫০০ টকাকৈ লাভ কৰিব। অৱশ্যে জুন আৰু জুলাই মাহত এই আঁচনিৰ ধন প্ৰদান কৰা নহয়। এই আঁচনিৰ সুবিধা এ পি এল-বি পি এল নির্বিশেষে সকলোৱে গ্ৰহণ কৰিব পাৰিব। অহা ১ জুলাইৰ পৰা মহাবিদ্যালয়সমূহত আৰু আগষ্ট মাহৰ পৰা বিশ্ববিদ্যালয়সমূহত এই আঁচনিৰ বাবে প্ৰপত্ৰ পূৰণ কৰা হ’ব। তদুপৰি নিযুত মইনা প’ৰ্টেলৰ পৰাও ডাউনলোড কৰি ছাত্ৰীসকলে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। এই সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে অহা জুলাইত মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহত সজাগতা সভাৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই বছৰ চৰকাৰে ২ লাখ ছাত্ৰীক এই আঁচনিখনত সামৰি ল’ব আৰু ৩০০ কোটি টকা ব্যয় কৰিব। অহা বছৰ যিহেতু উচ্চতৰ মাধ্যমিক বিত্তীয় বৰ্ষ আৰু স্নাতক দ্বিতীয় বৰ্ষতো এই আঁচনিৰ সুবিধা আহি পৰিব, সেয়ে অহা বছৰতো এই আঁচনিৰ বাবদ ৬০০ কোটি টকা ব্যয় হ’ব। ৫ বছৰৰ বাবে গ্ৰহণ কৰা এই আঁচনিৰ জৰিয়তে মুঠ ১০ লাখ ছাত্রী উপকৃত হ’ব। অন্তিম বছৰটোত আঁচনিখনত মুঠ এহেজাৰ ৫০০ কোটি টকা ব্যয় হ’ব। উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্কুটী লাভ কৰা ছাত্ৰীসকলক এই আঁচনিৰ অধীনত সামৰি লোৱা হোৱা নাই। অৱশ্যে কোনো ছাত্ৰীয়ে স্কুটী গ্ৰহণ নকৰি নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰিলে তেওঁলোক আঁচনিখনত অন্তৰ্ভুক্ত হ’ব পাৰিব। সেইদৰে মন্ত্ৰী, বিধায়ক, সাংসদৰ কন্যাই এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। বাল্য বিবাহৰ লগতে কম বয়সতে ছোৱালীৰ বিয়া ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ কোনো বিবাহিত ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীয়ে এই সুবিধা নাপাব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে, অর্থনৈতিকভাৱে দুৰ্বল শিক্ষার্থীয়ে নীটৰ পৰীক্ষাত সফলতা লাভ কৰাৰ বাবে ৰাজ্য চৰকাৰে ফলপ্রসূ প্রচেষ্টা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যিক যুৱ আয়োগৰ নেতৃত্বত শিক্ষার্থীসকলক প্ৰশিক্ষণ দিয়া হৈছে। ডিব্ৰুগড়ত এলেনৰ সৈতে যুটীয়াভাৱে ২২০ গৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছিল আৰু ইয়াৰ ভিতৰত ১৫০ গৰাকী শিক্ষার্থী উত্তীৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে শীঘ্ৰেই নলবাৰী, শিলচৰ আৰু যোৰহাটতো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব। উল্লেখযোগ্য যে ৮০০ খন চাহ বাগিচাৰ পথ সংযোগ উন্নত কৰাৰ বাবে আজিৰ মন্ত্ৰীসভাৰ বৈঠকত ৮০০ কোটি টকাৰ অনুমোদন জনোৱা হয়।

অধিক পঢ়ক

সকলো চাওক