গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ কালি এখন বৈঠক অনুষ্ঠিত কৰে। কামৰূপৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত তেওঁ নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশসমূহৰ বিষয়ে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে আলোচনা কৰে। এই বৈঠকত জিলাখনৰ আয়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ উপৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত শ্রীগোৱেলে তদাৰকী বিভাগক নির্বাচনী বিধি উলংঘাৰ যিকোনো অভিযোগ লাভ কৰা মাত্ৰেই ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিভিন্ন বিষয় যেনে, ষ্ট্ৰং ৰূমৰ ব্যৱস্থাপনা, ৱেৱ কাষ্টিং, জিপিএছ ব্যৱস্থা, ই ভি এম ব্যৱস্থাপনাকে ধৰি বিভিন্ন বিষয়সমূহ উপযুক্তভাৱে চোৱাচিতা কৰিবলৈ তেওঁ দায়িত্ববাহী বিষয়াসকলক নির্দেশ দিয়ে। এই পর্যালোচনা বৈঠক পাছত মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে ভোটাৰ সজাগতা, ভিডিঅ’ আৰু এটা ৱেৱছাইট মুকলি কৰে। পদ্ধতিগত ভোটাৰ শিক্ষা আৰু অংশগ্ৰহণ চমুকৈ ছুইপ কাৰ্যসূচীৰ অধীনত এই পদক্ষেপ লোৱা হৈছে। এই ৱেৱছাইটটোত ভোটদাতাসকলে নিজৰ ভোটকেন্দ্ৰৰ সবিশেষ তথ্য, বতৰৰ বতৰা, ভোটকেন্দ্ৰৰ আগতীয়া দৃশ্য আদি দেখা পাবলৈ সমৰ্থ হ’ব।

Read More:

 

অধিক পঢ়ক

সকলো চাওক