গ্রীষ্মকালত ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ অধ্যক্ষতাত বৈঠক

◊ গ্রীষ্মকালত গৰমৰ প্ৰকোপৰ পৰা হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ড° মনসুখ মন্দাভিয়াৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। তৃণমূল পৰ্যায়ত সঠিক তথ্যৰ অভাৱৰ কথা উল্লেখ কৰি ড° মন্দাভিয়াই ৰাজ্যসমূহৰ পৰা লাভ কৰা তথ্যৰে এটা কেন্দ্ৰীয় তথ্য ভাণ্ডাৰ গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। ৰাজ্যসমূহে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা লাভ কৰাৰ লগে লগে ব্যৱস্থা গ্ৰহণৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে।

ড° মন্দাভিয়াই কয় যে, সতর্কতামূলক ব্যৱস্থা সম্পর্কে জনসাধাৰণৰ মাজত সময়মতে আৰু ব্যাপক সজাগতা সৃষ্টি কৰিব পাৰিলে গ্ৰীষ্মপ্ৰবাহৰ প্ৰভাৱ কম কৰাত সহায়ক হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে গৰমৰ পৰা হোৱা ৰোগৰ সু-ব্যৱস্থাপনাৰ ক্ষেত্ৰত উন্নত সমন্বয়ৰ বাবে ৰাজ্যসমূহৰ সৈতে বৈঠকত মিলিত হ’বলৈ জ্যেষ্ঠ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়।

পাছত নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ড° মনসুখ মন্দাভিয়াই কয় যে, গ্রীষ্ম প্ৰৱাহ আৰু ষ্ট্ৰোকৰ পৰা ৰক্ষা পৰাৰ বাবে কৃষক, নির্মাণকাৰ্যত নিয়োজিত শ্রমিক আৰু নিৰ্বাচনী কাম-কাজত নিয়োজিত তথা প্ৰচাৰ অভিযানত জড়িত ব্যক্তিসকলক পর্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে দেহত পানীৰ মাত্ৰা বৰ্তাই ৰখাৰ বাবে ফলৰ ৰস, নেমুৰ ৰস আৰু বতৰৰ ফলো গ্ৰহণ কৰিব পাৰে। তেওঁ লগতে কয় যে, ৰাজ্যসমূহক এলানি পৰামৰ্শযোগে আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত গৰমৰ পৰা হ’ব পৰা ৰোগৰ চিকিৎ‍সাৰ বাবে সঠিক ব্যৱস্থা কৰিবলৈ কোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক