অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ সহযোগত আয়োজিত আন্তঃ সংবাদ মাধ্যম বেডমিণ্টন প্রতিযোগিতাৰ কালি সামৰণি পৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগল্ছত ঋতুৰাজ বৰঠাকুৰে প্ৰথম, শিৱাশীষ ঠাকুৰে দ্বিতীয় আৰু মানস প্ৰতিম শৰ্মাই তৃতীয় স্থান দখল কৰে। মহিলাৰ ছিংগল্ছত নৱনীতা কলিতাই প্রথম, পুনম নাথে দ্বিতীয় আৰু হেনা দে’ই তৃতীয় স্থান দখল কৰে। দলীয় শাখাত গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ শিৱাশিষ ঠাকুৰ, মানস প্ৰতিম শৰ্মা আৰু ঋতুৰাজ বৰঠাকুৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাৰোত্তোলনৰ প্ৰশিক্ষক অনুপ কোঁৱৰক বৰ্ষশ্রেষ্ঠ ক্রীড়া প্রশিক্ষকৰ বঁটা প্ৰদান কৰা হয়।
Site Admin | April 7, 2025 11:13 AM | media badminton
আন্তঃ সংবাদ মাধ্যম বেডমিণ্টন প্রতিযোগিতাৰ সামৰণি
