স্থলসেনা বাহিনীৰ ১৩৪ সংখ্যক পদাতিক বেটেলিয়নৰ মহাৰজত জয়ন্তী উপলক্ষে ব্যাপকভাৱে গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন

স্থলসেনা বাহিনীৰ ১৩৪ সংখ্যক পদাতিক বেটেলিয়নে বাহিনীটোৰ মহাৰজত জয়ন্তী উপলক্ষে ব্যাপকভাৱে গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰে। উল্লেখযোগ্য যে ১৯৪৯ চনৰ প্ৰতিষ্ঠা কালৰে পৰা স্থলসেনা বাহিনীয়ে ভাৰতীয় সশস্ত্র বাহিনীৰ অভিযানকালত বিভিন্ন প্ৰকাৰে সাহায্য আগবঢ়াই আহিছে। তদুপৰি বাহিনীটোৱে বিভিন্ন আঞ্চলিক জৰুৰী অৱস্থা তথা প্রাকৃতিক দুৰ্যোগৰ সময়তো অসামৰিক লোকসকলৰ প্ৰতি সাহায্য আগবঢ়াই আহিছে। ১৩৪ সংখ্যক পদাতিক বেটেলিয়ন তথা ETF হিচাপে জনাজাত বাহিনীটোৱে মহাৰজত জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি আজি ৰাষ্ট্ৰীয় বিলুপ্তপ্ৰায় প্ৰজাতি দিৱসৰ দিনা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সজাগতামূলক কাৰ্যসূচীও হাতত লয়। শোণিতপুৰ জিলাৰ গামানি, চাটাই আৰু গাৰো বস্তিগাওঁত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে শোণিতপুৰ জিলাত হোৱা বনাঞ্চল ধ্বংসৰ মুখামুখী হোৱাৰ লগতে অঞ্চলটোৰ পৰিবেশ তন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাৰ উদ্দেশ্যে এই গোটটো প্ৰতিষ্ঠা কৰা হৈছিল। আজিৰ অনুষ্ঠানত স্থানীয় গাওঁ তথা বিদ্যালয়সমূহত কেইবাহাজাৰ গছপুলি ৰোপণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক