জলপথসমূহ দেশৰ সমৃদ্ধিৰ নতুন পথ হৈ পৰিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। মুম্বাইত কালি ভাৰতীয় সামুদ্রিক সন্মিলন আৰু প্ৰদৰ্শনী, ২০২৫ মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰত সম্প্ৰতি বৃহৎ বন্দৰৰ যুগত প্ৰৱেশ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীয়ে দেশৰ সামুদ্রিক ক্ষেত্ৰৰ ৰূপান্তৰ সাধন কৰা বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে কয়, যে ভাৰতৰ গুৰুত্বপূৰ্ণ বন্দৰসমূহে এতিয়া বছৰি ৮২ কোটি মেট্রিকটন সামগ্ৰী পৰিবহণ কৰে। এই পৰিমাণ ২০১৪ চনৰ তুলনাত ৪৭ শতাংশ অধিক বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সামুদ্রিক খণ্ড দেশৰ অৰ্থনীতি পুনৰ উত্থানৰ ভেটি ৰূপে পৰিগণিত হোৱা বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে কয়, যে চৰকাৰে বন্দৰসমূহৰ আধুনিকীকৰণ আৰু ভাৰতবৰ্ষক সামগ্ৰী পৰিবহণ তথা ব্যৱসায়ৰ গোলকীয় কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বাবে ভালেমান সাহসী সিদ্ধান্ত গ্রহণ কৰিছে।
Site Admin | January 23, 2025 11:55 AM | Maritime India Conference & Expo 2025