ভাৰতৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত দেশৰ হকে দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈ দুগৰাকীয়ে আজি দক্ষিণ কোৰিয়াৰ অ’হ য়ে জিন আৰু লী ৱান্হোক ১৬-১০ ফলাফলত পৰাভূত কৰে। ইয়াৰ লগে লগে মনু ভাকৰ স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত অলিম্পিকৰ একেটা সংস্কৰণৰ দুটাকৈ পদক লাভ কৰা দেশৰ প্ৰথম গৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে মনু ভাকৰে দেওবাৰে ১০ মিটাৰ এয়াৰ পিষ্টল শিতানত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম বৃটিছ ভাৰতীয় এথলীট ন’মন প্রীতচৰ্দে ১৯০০ চনত পেৰিছত অনুষ্ঠিত অলিম্পিক ক্রীড়া মহোৎসৱত দুটা ৰূপৰ পদক লাভ কৰিছিল।
বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু মল্লযোদ্ধা সুশীল কুমাৰ অলিম্পিকত একাধিক পদক লাভ কৰা ভাৰতীয় খেলুৱৈ। অৱশ্যে খেলুৱৈ দুগৰাকীয়ে বেলেগ বেলেগ সংস্কৰণত পদক লাভ কৰিছিল। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্ৰীয়ে পেৰিছ অলিম্পিকত প্ৰদৰ্শন কৰা উল্লেখনীয় সাফল্যৰ বাবে মনু ভাকৰ আৰু সৰবজোৎ সিঙলৈ অভিনন্দন জনাইছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কৈছে যে, মনু ভাকৰে একেখন অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে ইতিহাস ৰচনা কৰিছে। ৰাষ্ট্ৰপতিয়ে কৈছে যে খেলুৱৈগৰাকীয়ে নিজৰ প্ৰদৰ্শনেৰে দেশক গৌৰৱান্বিত কৰিছে। তেওঁ লগতে মনু ভাকৰ আৰু সৰবজোৎ সিঙে ভৱিষ্যতে অধিক কৃতিত্ব অর্জন কৰিবলৈ সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে খেলুৱৈ দুগৰাকীক প্ৰশংসা কৰি কৈছে যে, তেওঁলোকৰ সাফল্যই যুৱ প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিৰ মাধ্যমৰ এটা পোষ্টযোগে কৈছে যে, ভাৰতীয় শ্বুটাৰসকলে দেশক গৌৰৱান্বিত কৰি আহিছে। তেওঁ কয় যে মনু ভাকৰ আৰু সৰবজোৎ সিঙে অসাধাৰণ দক্ষতা আৰু দলীয় ভাৱনাৰ পৰিচয় দিছে। তেওঁ কয় যে মনু ভাকৰে নিৰন্তৰ নিষ্ঠা আৰু শ্ৰেষ্ঠত্বৰ পৰিচয় দি একেৰাহে দুটাকৈ অলিম্পিক পদক লাভ কৰিবলৈ সমর্থ হৈছে।
ইপিনে, সত্বিকসাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে আজি জয়ৰ ধাৰা অব্যাহত ৰাখি বেডমিণ্টনৰ পুৰুষৰ ডাবলছৰ পুল পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ইন্দোনেচিয়াৰ প্ৰতিদ্বন্দিক ২১-১৩, ২১-১৩ গেমত পৰাস্ত কৰে। উল্লেখযোগ্য যে ভাৰতীয় যুটীটোৱে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷ একেদৰে ভাৰতে হকীৰ পুল বিৰ এখন খেলত আজি আয়াৰলেণ্ডক ২ গলত পৰাভূত কৰে।