শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডº মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি কৰিব। এই মঞ্চৰ জৰিয়তে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজে লাভ কৰিব। এই পদক্ষেপৰ প্ৰাথমিক লক্ষ্য হৈছে – একক মঞ্চৰ জৰিয়তে – সক্রিয়ভাৱে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ বাবে থকা সকলো সামাজিক সুৰক্ষা তথা কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ বিষয়ে তথ্য যুগুত কৰা। এই পদক্ষেপে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলক তেওঁলোকৰ বাবে থকা আঁচনিসমূহ সন্দৰ্ভত সজাগ কৰি তুলিব।