১৪ ছেপ্তেম্বৰত অৰ্থাৎ পৰহিলৈ দেশজুৰি হ’বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ কাৰ্যসূচীৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাচৰ জিলাত লোক আদালত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি অব্যাহত আছে। জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলাখনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব। জিলাখনৰ ফেকামাৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত হ’বলগীয়া লোক আদালতত সৰু সৰু অপৰাধ, দেৱানী বিবাদ, মটৰ বাহন আইন সম্পৰ্কীয় গোচৰ, অসামৰিক বিবাদৰ গোচৰ, পাৰিবাৰিক সমস্যাৰ লগতে বিভিন্ন গোচৰসমূহ আপোচ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ’ব। এই গোচৰসমূহৰ সৈতে জড়িতসকলক ১৪ আগষ্টত লোক আদালতত উপস্থিত হ’বলৈ জিলা আইন সেৱা প্ৰাধিকৰণে আহ্বান জনাইছে। উল্লেখযোগ্য যে জিলাখনত এইবাৰ প্ৰায় ৭ হাজাৰ গোচৰ নিষ্পত্তিৰ বাবে প্ৰাধিকৰণৰ ফালৰপৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে গোচৰৰ অভিযুক্তসকলে সংশ্লিষ্ট গোচৰ সংক্ৰান্তত ১ কোটি ৬০ লাখ টকা জমা কৰিছে বুলি প্ৰাধিকৰণে জানিবলৈ দিয়ে।
Site Admin | September 12, 2024 7:50 PM | Mankashar