ডাউনলোড
মোবাইল এপ

android apple
signal

April 6, 2024 6:43 PM | Manish Sisodia

printer

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্রী মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৮ এপ্ৰিললৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে দিল্লী আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ক’লা ধন বৈধকৰণৰ গোচৰত আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্রী মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৮ এপ্ৰিললৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত আজি ন্যায়ালয়ত হাজিৰ কৰাৰ সময়ত ৰাউজ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই আম আদমী পাৰ্টিৰ নেতাগৰাকীক ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ নিৰ্দেশ দিয়ে। এই গোচৰৰ সহ আৰোপী আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙো আজি ন্যায়িক প্ৰক্ৰিয়াৰ বাবে আদালতৰ সন্মুখত হাজিৰ হয়। সঞ্জয় সিঙে অলপতে এই গোচৰত জামিন লাভ কৰিছে। চি বি আই আৰু বিবি বলৱৎকাৰী সঞ্চালকালয়ে আম আদমী পাৰ্টিৰ এই নেতা দুগৰাকীক আবকাৰী নীতি সম্পৰ্কীয় অনিময়ৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক