মণিপুৰত লোকসভা নিৰ্বাচনত ভোটদাতাৰ অংশগ্ৰহণ, ভোটগ্রহণ সূচাৰুৰূপে সম্পন্নৰ উদ্দেশ্যে নির্বাচন আয়োগৰ ভালেমান পদক্ষেপ গ্রহণ

মণিপুৰত আসন্ন লোকসভা নিৰ্বাচনত ভোটদাতাসকলৰ সৰ্বাধিক অংশগ্ৰহণৰ লগতে ভোটগ্রহণ প্রক্রিয়া সূচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ভালেমান পদক্ষেপ গ্রহণ কৰিছে। যোৱা বছৰ মে’ত জাতিগত হিংসাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলক ভোটদানৰ সুবিধা প্ৰদান কৰাৰ লগতে ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ৰ চূড়াচান্দপুৰ আৰু কাংপকপীকে ধৰি এখন জিলাত ৮৫ টা বিশেষ ভোটগ্রহণ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে। ইপিনে, সাহায্য শিবিৰত থকা লোকসকলে এখন উপত্যকা জিৰিবামকে ধৰি এখন জিলাত স্থাপন কৰা ৯টা বিশেষ ভোটগ্রহণ কেন্দ্ৰত ভোটদানৰ সুবিধা লাভ কৰিব।

অধিক পঢ়ক

সকলো চাওক