ডাউনলোড
মোবাইল এপ

android apple
signal

May 31, 2024 11:41 AM | Manipur flood

printer

মণিপুৰত হঠাতে অহা বানৰ বিধ্বংসী ৰূপ ধাৰণ

মণিপুৰত হঠাত অহা বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইম্ফল চহৰ বানৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। চহৰখনলৈ যোৱা প্ৰায়বোৰ পথ ডুব গৈছে। ৰাজভৱন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহো ইতিমধ্যে পানীত ডুব গৈছে। খোৱাৰমবন্দ ইমা মার্কেট আৰু অন্যান্য বজাৰসমূহ প্লাৱিত হৈ পৰিছে। মণিপুৰ আৰক্ষী, সেনা, আছাম ৰাইফলছ, ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী আৰু ৰাজ্যিক দুর্যোগ সহাৰি বাহিনীয়ে উদ্ধাৰ অভিযানত জপিয়াই পৰিছে। লোকটাক উন্নয়ন কর্তৃপক্ষইও উদ্ধাৰ অভিযানত যোগদান কৰি প্ৰায় ৮০০ লোকক ইতিমধ্যে সুৰক্ষিত এলেকালৈ স্থানান্তৰ কৰিছে। সেনাপতি জিলাত নদীত উটি যোৱা এগৰাকী মহিলাৰ মৃতদেহ কালি উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে জিলাখনত বানাক্ৰান্তসকলৰ বাবে তিনিটা অস্থায়ী শিবিৰ মুকলি কৰা হৈছে। ৰাজ্য চৰকাৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিও স্বায়ত্ব শাসিত সংস্থা, বেংক আৰু বিত্তীয় প্রতিষ্ঠানকে ধৰি সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰিছে। ৰাজ্যিক উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগেও চৰকাৰী আৰু ব্যক্তিগত আৰু প্ৰাথমিক বিদ্যালয়সমূহৰ লগতে উচ্চ শিক্ষানুষ্ঠানসমূহো ১ জুন পর্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ প্রদান কৰিছে। বানাক্ৰান্তসকলক সাহায্য প্ৰদানৰ বাবে ২৪ ঘণ্টাই সেৱা উপলদ্ধ থকা এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। ইফালে ইম্ফলস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনলৈ মণিপুৰৰ অধিকাংশ জিলাতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক