মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আজি পুৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত দুষ্কৃতিকাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ অগ্রিম নিৰাপত্তাৰক্ষীৰ দলটোক কৰা আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। তেওঁ এই ঘটনাৰ সৈতে জড়িতসকলক চিনাক্ত কৰি উচিত শাস্তি বিহা হ’ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুতৰভাৱে আহত নিৰাপত্তাৰক্ষী জোৱানজনক ভৰ্তি কৰি ৰখা চিকিৎসালয়লৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখযোগ্য যে ইম্ফলৰ জিৰিবাম পথৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কাংপপি জিলাৰ কে চিনাম গাঁৱৰ সমীপত আজি পুৱা চাৰে ১০ বজাত মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ আগে আগে যোৱা নিৰাপত্তাৰক্ষীৰ কনভয়ত সন্দেহযুক্ত উগ্ৰপন্থীয়ে আক্রমণ চলোৱাৰ ফলত মৈৰাংথেম আজেশ নামৰ এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছিল। আহতজোৱানক তালিকা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত অতিৰিক্ত নিৰাপত্তা বাহিনী উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে কাংপপি জিলাখনত অলপতে সংঘটিত হোৱা জনগোষ্ঠীয় হিংসাত্মক ঘটনাত ভালেমান ক্ষয়-ক্ষতি হৈছিল। এই ঘটনাত গৃহহীন পৰিয়ালসমূহে জিৰিবাম জিলা সদৰত স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে । মুখ্যমন্ত্ৰীয়ে কাইলৈ জিলাখন ভ্ৰমণ কৰি এই পৰিয়ালসমূহক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছিল আৰু এই যাত্ৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ অগ্রিম নিৰাপত্তাৰক্ষী দলটো আক্ৰমণৰ সন্মুখীন হয়। ইফালে, চি এ পি এফকে ধৰি অতিৰিক্ত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কটকটীয়া নিৰপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Site Admin | June 10, 2024 7:52 PM | Manipur cm