কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে একেটা বিষয় লৈ আজি আন এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা। গৃহমন্ত্ৰীগৰাকীয়ে কালিৰ বৈঠকত কয় যে মণিপুৰলৈ শান্তি-শৃংখলা ওভতাই অনাৰ উদ্দেশ্যে নিৰাপত্তা বাহিনীসমূহক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি ৰাজ্যখনত শান্তি আৰু নিৰাপত্তা বিঘ্নিত হৈছে। গৃহ মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে ৰাজ্যখনত সংঘৰ্ষৰ সৈতে জড়িত হৈ থকা দুয়োটা সম্প্ৰদায়ৰ সশস্ত্ৰ দুৰ্বৃত্তই হিংসাত লিপ্ত হৈ ৰাজ্যখনলৈ শান্তি-শৃংখলা ভংগ কৰাৰ লগতে বহু নিৰিহ লোকক হত্যা কৰিছে। হিংসাত্মক কার্যকলাপ ত জড়িত হৈ থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ‘ব বুলি বিবৃতিটোত প্ৰকাশ কৰা হয়। গুৰুত্বপূৰ্ণ অভিযোগ সমূহ অনুসন্ধানৰ বাবে নিয়ালৈ হস্তান্তৰ কৰা হৈছে। তদুপৰি, ৰাজ্যখনৰ জনসাধাৰণলৈ শান্তি বৰ্তাই ৰখাৰ লগতে উৰা-বাতৰিক বিশ্বাস নকৰিবলৈ তথা শান্তি-শৃংখলা বজাই ৰখাত নিৰাপত্তা বাহিনীৰ প্ৰতি সহযোগিতা কৰিবলৈ আহ্বান জনোৱা হৈছে।
Site Admin | November 18, 2024 12:02 PM | manipur amit sah