ডাউনলোড
মোবাইল এপ

android apple
signal

February 14, 2025 12:05 PM | Manipur

printer

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদ ত্যাগ কৰাৰ পাছত বিজেপিয়ে পুনৰ চৰকাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যপালৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছে। গৃহ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। অধিসূচনাত এই বুলি কোৱা হৈছে যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মণিপুৰৰ ৰাজ্যপালৰ পৰা এখন প্রতিবেদন লাভ কৰিছিল আৰু এই প্ৰতিবেদন চালি-জাৰি চাই সংবিধানৰ ৩৫৬ অনুচ্ছেদ অনুসৰি ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছে। ৰাজ্যখনৰ বিধানসভা সাময়িকভাৱে অকামিলা কৰি ৰখা হৈছে বুলি গৃহ মন্ত্ৰ্যালয়ৰ অধিসূচনাত প্ৰকাশ কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক