ডাউনলোড
মোবাইল এপ

android apple
signal

November 18, 2024 12:13 PM | Manipur

printer

মণিপুৰত অনির্দিষ্ট কালৰ বাবে জাৰি কৰা কার্ফিউ অব্যাহত

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে যদিও ভিতৰি ভিতৰি উত্তেজনা অব্যাহত আছে। অৱশ্যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে ভালেমান স্পৰ্শকাতৰ অঞ্চলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী নিয়োগ কৰিছে। আনহাতে অনির্দিষ্ট কালৰ বাবে জাৰি কৰা কার্ফিউ আজিও অব্যাহত আছে। ৰাজ্যখনৰ গৃহ বিভাগে সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰা দেশ তথা সমাজ বিৰোধী বিভিন্ন উৰা-বাতৰি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্য পৰহি বিয়লি জিৰিবাম আৰু ফেজল জিলাত প্ৰথমতে দুদিনৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল। তদুপৰি পৰহিৰ পৰা পাঁচখন উপত্যকা জিলাকে ধৰি ৭খন জিলাত ইণ্টাৰনেট সেৱা দুদিনৰ বাবে কৰ্তন কৰা হৈছে। অৱশ্যে আজি চৰকাৰী কাৰ্যালয়সমূহত ব্ৰডবেণ্ড আৰু ফাইবাৰ ইণ্টাৰনেট সেৱা আংশিকভাৱে প্ৰদান কৰা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্রধান অনিশ দয়াল সিঙে মণিপুৰত উপস্থিত হৈ কালি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ কৌশল সম্পর্কে আলোচনা কৰে। ইপিনে, এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি নেছনেল পিপলচ্‌ পাৰ্টিয়ে সমর্থন প্রত্যাহ্বাৰ কৰিছে। এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি কনবাড কে চাংমাই বিজেপিৰ সভাপতি জে পি নাড্ডাক এন পি পিৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। কনবাড কে চাংমাই লিখা পত্ৰখনত মণিপুৰৰ সাম্প্ৰতিক আইন শৃংখলাৰ পৰিস্থিতিকলৈ এন পি পি উদ্বিগ্ন বুলি উল্লেখ কৰা হৈছে। ৰাজ্যখনলৈ স্বাভাৱিক পৰিস্থিতি ওভতাই অনাৰ লগতে সমস্যা সমাধানৰ ক্ষেত্ৰত এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি দলে অনুভৱ কৰাৰ বিষয়ে উল্লেখ কৰি শীঘ্ৰে বলবৎ হোৱাকৈ ৰাজ্য চৰকাৰৰ প্ৰতি থকা সমর্থন এন পি পিয়ে প্ৰত্যাহ্বাৰ কৰে। ইফালে, কাছাৰ জিলাৰ বৰাক নদীত কালি উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহটো মণিপুৰত কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰা ৬গৰাকী লোকৰ ভিতৰৰ এগৰাকীৰ বুলি সন্দেহ কৰা হৈছে। ইম্ফলৰ আৰক্ষী সূত্ৰই এই কথা প্ৰকাশ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জিৰিবামৰ বৰবেকৰা মহকুমাত শুকুৰবাৰে আন এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত মণিপুৰৰ বিভিন্ন প্ৰান্তত ব্যাপক প্রতিবাদ অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক