মণিপুৰত যোৱা মাহত ঘুৰ্ণিবতাহ আৰু শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা দল ৰাজ্যখনত উপস্থিত হৈছে। যোৱা ৫ মে’ত হোৱা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ৰাজ্যখনৰ বিভিন্ন অংশত বাসগৃহ, যান-বাহন আৰু খেতিপথাৰৰ বিস্তৰ ক্ষতি সাধন হয়। দলটোৱে আজি থৌবাল জিলাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি এই ক্ষতিৰ বুজ লয়। ৪ জনীয়া সদস্যৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দলটোৱে জিলা পৰ্যায়ৰ বিষয়াসকলকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।
Site Admin | June 10, 2024 8:30 PM | Manipur
মণিপুৰত ঘুৰ্ণিবতাহ আৰু শিলাবৃষ্টিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা দল ৰাজ্যখনত উপস্থিত
